Back

সুৰাত মগন ভয়াল ৰাতি

জয়ন্ত হাজৰিকা March 21, 2021 1,388 views

সুৰাত মগন ভয়াল ৰাতি

মৌন কোলাহল,

মই যেন এক ৰʼদৰ বিলাপ

শব্দৰ সমদল ।

 

চন্দ্ৰ তৰাক থাপ মাৰি আনি

থেকেচি পেলাবৰ হʼল,

সূৰ্যমুখীয়ে সজাব কাহানি

বেথাৰ সমাধি তল ।

নিয়ম পিয়াসী সন্তানবোৰে

নিয়ম নমনা হʼল

মাতৃৰ চকু ঘন কুৱঁলীৰ গহ্বৰ হৈ গʼল ।

 

শগুণে সদায় সভাকে পাতে

ভাষণ পৰি ৰʼল,

দিনবোৰ আমাৰ মৃত হৰিণৰ

বেঁকা শিং যেন হʼল ।

 

মই যেন এক ৰʼদৰ বিলাপ

শব্দৰ সমদল ।