Back

সুৰৰে দেউলৰে

বিষ্ণুপ্ৰসাদ ৰাভা
November 12, 2024 · 2,305 views

সুৰৰে দেউলৰে

ৰূপৰে শিকলি

ভাঙি দিলি খুলি

দুৱাৰ সোণোৱালী

পূজাৰী অ’

সুন্দৰ পূজাৰী ।

যাউতি যুগীয়া

বৰগীত অমিয়া

বনগীত সুৰীয়া

গোৱা অসমীয়া

প্ৰাণ মন ভৰি 

পূজাৰী অ’

সুন্দৰ পূজাৰী ।

তোৰে পৰশতে

প্ৰাণৰে হৰিষে

তিয়াগি সুপুতি

পায় ঐ মুকুতি

ৰাগৰে মূৰতি

উটি ভাহি ফুৰে উৰি

পূজাৰী অ’

সুন্দৰ পূজাৰী ।

থাপনা থাপিলি

প্ৰতিমা বহালি

পূজাও কৰিলি

সূৰেৰে মূৰতি গঢ়ি

পূজাৰী অ’

সুন্দৰ পূজাৰী ।

শংখ বজোৱা

বৰকাঁহ বজোৱা

আঁৰতি লগোৱা

বন্তি জ্বলোৱা

অতি উলাহেৰে আদৰি

পূজাৰী অ’

সুন্দৰ পূজাৰী ।।