Back

সেউজী সেউজী

জ্যোতিপ্ৰসাদ আগৰৱালা
September 19, 2016 · 2,074 views

সেউজী সেউজী সেউজী অ’

সেউজী ধৰণী ধুনীয়া

সেউজী সেউজী সেউজী অ’

সেউজী ধৰণী ধুনীয়া

সেউজী ধৰণী ধুনীয়া ।

সোণোৱালী শস্যৰ পথাৰ কোলাত শোভে

ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া

সোণোৱালী শস্যৰ পথাৰ কোলাত শোভে

ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া

সেউজী সেউজী সেউজী অ’

সেউজী ধৰণী ধুনীয়া ।

আমাৰ চকুলোৰে পানী দি জীয়ালোঁ 

মাণিকীমধুৰি ধান

আমাৰ চকুলোৰে পানী দি জীয়ালোঁ 

মাণিকীমধুৰি ধান

তোমালৈ আনিছোঁ জগতৰে শইচ

হেৰা অ’ নিমাতি মান

তোমালৈ আনিছোঁ জগতৰে শইচ

হেৰা অ’ নিমাতি মান

সেউজী সেউজী সেউজী অ’

সেউজী ধৰণী ধুনীয়া

সেউজী সেউজী সেউজী অ’

সেউজী ধৰণী ধুনীয়া ।