Back

সেউজীয়া সেউজীয়া

জ্যোতিপ্ৰসাদ আগৰৱালা September 19, 2021 2,288 views

সেউজীয়া ... সেউজীয়া ...

সেউজীয়া ... সেউজীয়া ...

 

লানি কৈ ৰুলে ঐ গছৰ শাৰী

সেউজী গছতে সোণৰ গুটি

লানি কৈ ৰুলে ঐ গছৰ শাৰী

সেউজী গছতে সোণৰ গুটি

সেউজী গছতে সোণৰ গুটি লাগে

হীৰা ফুলে মাৰে পোহৰ চাকি

সেউজী গছতে সোণৰ গুটি

সেউজীয়া ... সেউজীয়া ...

 

ভাটী দেশৰে কুলী (বনুৱা) ছোৱালী অ’

ভাটী দেশৰে কুলী (বনুৱা) ছোৱালী অ’

টুকুৰিত ভৰাবি কোমল পাতে

ভাগৰি জিৰাবি শিৰীষৰ ছাঁতে

আঙুলি বুলাবি পাতে পাতে

খৰকৈ বুলাবি অ’ ...

 

লাখোলাখ টকাৰে মোকে নাটে

খৰকৈ আঙুলি পাতে পাতে

লাখোলাখ টকাৰে মোকে নাটে

খৰকৈ আঙুলি পাতে পাতে

চাহৰে বাগিচা নহয় মোৰ দেউতা

লোকৰে বাগিচাত আছে ফুলি

সেউজী গছতে সোণৰ গুটি

সেউজীয়া ... সেউজীয়া ...

লানি কৈ ৰুলে ঐ গছৰ শাৰী

সেউজী গছতে সোণৰ গুটি

লানি কৈ ৰুলে ঐ গছৰ শাৰী

সেউজী গছতে সোণৰ গুটি

সেউজী গছতে সোণৰ গুটি লাগে

হীৰা ফুলে মাৰে পোহৰ চাকি

সেউজী গছতে সোণৰ গুটি

সেউজীয়া ... সেউজীয়া ...