Back

সেন্দূৰ সেন্দূৰ

ভূপেন হাজৰিকা
March 11, 2021 · 1,408 views

সেন্দূৰ সেন্দূৰ ফোঁটটিয়ে

পাত গাভৰুৰ কপালতে

সলাজ মৰম আঁকি দি

কি যে সোৱাদ পায়;

মই আজিও নুবুজোঁ ।

গোলাপ গোলাপ গালতে নিয়ৰৰে ঘামবোৰে

অকাই-পকাই বৈ গৈ কি যে সোৱাদ পায়,

মই আজিও নুবুজোঁ ।

নিলাজ নিলাজ ভংগিমাৰে, পাহাৰৰে চূড়াবোৰে

নিজৰাক জোকাই জোকাই কি যে সোৱাদ পায়,

মই আজিও নুবুজোঁ ।

কপাহ কপাহ মেখেলাই; ঢাকি খোৱা নখেৰে

ধূলিত ছবি আঁকি তাই কি যে সোৱাদ পায়,

মই আজিও নুবুজোঁ ।

সজল সজল চাৱনিৰে, কাজল ৰঙৰ নৈখনে

কোমল মেঘক কন্দুৱাই, কি যে সোৱাদ পায়

মই আজিও নুবুজোঁ ।

বুজিও নুবুজোঁ।