Back

সোঁৱৰণী কুৱঁলীয়ে

ভূপেন হাজৰিকা December 26, 2014 2,062 views

সোঁৱৰণী কুৱঁলীয়ে

চিঞঁৰি চিঞঁৰি কয়

অতীতৰ সীমা-ৰেখা নাই

সমুখতো দেখোঁ আজি

পুৰণিক আকুল কৰে

নতুনে মাথোঁ ৰিঙিয়ায় ।

 

জীৱনৰ বাটটিত

এৰি অহা খোজবোৰ

নিতে মচে কোন ধুমুহাই

মিছায়ে উভতি চাই

পাহৰা গীতটি গাই

দেহা মোৰ ভাগৰিহে যায় ।

 

কিবা যেন বিচাৰি

হেৰুৱালোঁ পৰিচয়

পৰিচিতো আঁতৰিহে যায়

আজিৰ সোঁতত বহি

কালিৰ সপোন দেখি

আশা মোৰ নিতে বাঢ়ি যায় ।