Back

সোঁৱৰণী মোৰ

ভূপেন হাজৰিকা October 3, 2019 1,811 views

সোঁৱৰণী (মোৰ)

ৰাঙলী জীৱন

সোঁৱৰণী মোৰ

ৰাঙলী জীৱনৰ ৰংবোৰ কেনিবা গʼল।

পাহৰণি এন্ধাৰত ধুনীয়া অতীতৰ

জীৱন্ত সমাধি হʼল ।

মনৰে আঁতবোৰ

কেনি হেৰুৱালোঁ

ভাষাৰে পখিলী

কেনি উৰুৱালোঁ

বহু দূৰ আঁতৰি গʼল

উভতি নোচোৱা হʼল ।

হাতীপটি ভাগি পৰিল

আকাশত অগনি জ্বলিল

সূৰুযৰ চকুলো সৰিল

পাহৰণি ...

পাহৰা দিনৰে,

কত পম খেদিলোঁ

গভীৰ নিৰাশাত লুইতৰ বুৰিলোঁ

উশাহ নোহোৱা হʼল

সুৰবোৰ কেনিবা গʼল ।