Back

সোণ ৰূপেৰেও

বোলছবি
February 7, 2016 · 4,701 views

সোণ ৰূপেৰেও

জুখি চাব নোৱাৰি

এইয়া অকমানি

আমাৰে পৃথিৱী

বতাহে বতাহে মৰম

বৈ থাকে ওমলি ।

প্ৰতি ওঁঠৰ কথাবোৰে

মুকুতাৰে মালা গাঁথে

চেনেহৰে ছবি এইয়া

আনে দেখি নোপোৱা,

মমতাই দুহাতৰে

বুলনিয়ে আনি দিয়ে

চিকুণী চিকুণী সপোনে

আনে বুজি নোপোৱা,

ধুমুহা ঢাকি থয়

মলয়া সিঁচি ৰয়

আচলৰো এয়াহে বতৰা ।

মৰমৰে এনাজৰী

বন্ধনে ৰাখে ধৰি

বুকুৱে বুকুৱে বাজি ৰোৱা

উশাহৰে গান,

এই মাটি এই আকাশ

মানি ললোঁ এই সৰগ

জনমে জনমে খুজোঁ

এনে সাধনাৰে ঘৰ,

বেলি নজ্বলিলেও

জোন নগলিলেও

জিলিকিব মৰমৰ এই বন ।