Back

সোণালী মনৰ মালিকনী

জুবিন গাৰ্গ February 10, 2016 2,989 views

সোণালী মনৰ মালিকনী

সোণালী সপোন দিয়া আনি

চুটি চুটি খোজ দি লাহে লাহে আহিছা

কাজলে মেৰা দুচকু লাজেৰে তুলিছা

ধপ্ ধপ্ কৰে বুকু মোৰ

জ্বলে মন মোৰ

কৰাহি জুৰ

প্ৰেম অলিয়া বলিয়া

মোৰে হিয়া

হৈ আতুৰ

সোণালী মনৰ মালিকনী

সোণালী সপোন দিয়া আনি ।

 

তোমাৰ ভাবনাই

বুকুতে ভিৰ লগায়

মোৰ দিন ৰাতিৰ চিন চাব নাই

ফাগুনে জিৰোৱা

মদাৰ ফুলেও

তোমাৰ ছবিকে দেখায়

ধপ্ ধপ্ কৰে বুকু মোৰ

জ্বলে মন মোৰ

কৰাহি জুৰ

প্ৰেম অলিয়া বলিয়া

মোৰে হিয়া

হৈ আতুৰ

সোণালী মনৰ মালিকনী

সোণালী সপোন দিয়া আনি ।

 

পথাৰ ওপচা

যেন শালিদৰা

মোৰ মৰম

তোমালৈ অযুত

যৌৱনে বিচাৰে

তোমাকে পাবলৈ তোমাক নিচেই কাষত

ধপ্ ধপ্ কৰে বুকু মোৰ

জ্বলে মন মোৰ

কৰাহি জুৰ

প্ৰেম অলিয়া বলিয়া

মোৰে হিয়া

হৈ আতুৰ

সোণালী মনৰ মালিকনী

সোণালী সপোন দিয়া আনি ।।