Back

সোণৰ খাৰু নেলাগে মোক

দীপালী বৰঠাকুৰ
August 19, 2020 · 1,528 views

সোণৰ খাৰু নেলাগে মোক, বিয়াৰ বাবে আই

চেনেহজৰী তই দিয়া মোক, হাততে শুৱাই

সোণৰ খাৰু নেলাগে মোক, বিয়াৰ বাবে আই

চেনেহজৰী তই দিয়া মোক, হাততে শুৱাই ।

দিঙিৰ মণি নেলাগে মোক, সাতসৰীওঁ যে

আই অ’ তোৰ ছবিটি, বুকুতে থম, নেপাওঁ লাজে

দিঙিৰ মণি নেলাগে মোক, সাতসৰীওঁ যে

আই অ’ তোৰ ছবিটি, বুকুতে থম, নেপাওঁ লাজে

সোণৰ খাৰু নেলাগে মোক, বিয়াৰ বাবে আই

চেনেহজৰী তই দিয়া মোক, হাততে শুৱাই ।

পাতৰে সাজে মোক নেলাগে নানিবি

নানিবি শপতে কাণৰে কেৰু 

শুচিতা যি সাজে পিন্ধালি সৰুতে

সেয়েহে বিয়াতে শুৱাব বাৰু 

সোণৰ খাৰু নেলাগে মোক, বিয়াৰ বাবে আই

চেনেহজৰী তই দিয়া মোক, হাততে শুৱাই ।

আজি মই ওলালোঁ অ’ জোনে জোনালী

নতুন এঘৰলৈ অ’ জোনে জোনালী

আজি মই ওলালোঁ অ’ জোনে জোনালী

নতুন এঘৰলৈ অ’ জোনে জোনালী ।

সেন্দুৰৰে বন্তি জ্বলি সেৱাতে যাম মিলি

সেৱাতে যাম মিলি

আজি মই ওলালোঁ অ’ জোনে জোনালী

আজি মই ওলালোঁ অ’ জোনে জোনালী

আজি মই ওলালোঁ অ’ জোনে জোনালী

আজি মই ওলালোঁ অ’ জোনে জোনালী ।