Back

সোণৰ পালেঙতে

জ্যোতিপ্ৰসাদ আগৰৱালা
March 11, 2016 · 2,224 views

সোণৰ পালেঙতে অ’ মনে তৰা

সোণৰ পালেঙতে অ’ মনে তৰা

ধুনীয়া কোঁৱৰৰ ঘুমতি নাহিলে

কপাহৰে তলিচা পৰা মনে তৰা ।

পদুমৰ পাহিৰে গুঁঠি দিম বিছনী

বা দিম সুৰভি ভৰা মনে তৰা

কাষতে লিগিৰী বহি নামে গাম

কোনোবা বিতোপন দেশৰে সাধু ক’ম

নিশাটো কাষতে বহি মনে তৰা

কপাহৰে তলিচা পৰা মনে তৰা

সোণৰ পালেঙতে অ’ মনে তৰা ।