Back

সোণৰ সপোন মোৰ

জ্যোতিপ্ৰসাদ আগৰৱালা
January 20, 2016 · 2,308 views

সোণৰ সপোন মোৰ

ভাঙিলি কিয় ?

অ’ মোৰ সোণৰে সপোন

চম্পাৰে আঙুলি বুলালি কিয় ।

আঁখি মোৰ সপোন বিভোৰ 

ঊষাৰ হাঁহি

নিশাৰ সপোন মোৰ 

আঁতৰালি কিয় ?

অৰুণৰ কৰুণ হাঁহিটি অ’

সোণৰে অ’ সোণৰে 

হাঁহিটি অ’

পুৱতি নিয়ৰৰে

নিশা সৰা শেৱালি সুৰভি

বোৱালি কিয় ।