Back

স্বাগতম্ স্বাগতম্

মিন্টু কুমাৰ নাথ
February 21, 2024 · 3,167 views

স্বাগতম্ স্বাগতম্

স্বাগতম্ ৰূপালী জয়ন্তীৰে।

ৰূপালী পোহৰ বিলোৱা

আমাৰ চৰাইবাহী নিকেতন

আমাৰ চৰাইবাহী নিকেতন

পঞ্চ বিংশ গৰকি উঠা

আমাৰ চৰাইবাহী নিকেতন

আমাৰ চৰাইবাহী নিকেতন

১৯৯৮ চনৰ

৪ জানুৱাৰীত লোৱা জনম

পুণ্য তীৰ্থ তোমাক প্ৰণামপুণ্য তীৰ্থ তোমাক প্ৰণাম

বিদ্যা ভাৰতীৰ সংস্কৃতিৰে

বিদ্যাৰম্ভ হোৱা

মহা মনিষীৰ বেদ বাণীৰে

তপোবন পুণ্য কৰা

শিশু শিক্ষা সমিতিৰ আধাৰ

মুক্ত নতুন জীৱন গঢ়াৰ

জীৱনাদৰ্শৰ প্ৰতিষ্ঠাৰে

ত্যাগ আৰু আদৰ্শৰে

ধন্য ধন্য আমাৰ জীৱন

ধন্য ধন্য আমাৰ জীৱন

ৰূপালী পোহৰ বিলোৱা

আমাৰ চৰাইবাহী নিকেতন

আমাৰ চৰাইবাহী নিকেতন

পঞ্চ বিংশ গৰকি উঠা

আমাৰ চৰাইবাহী নিকেতন

আমাৰ চৰাইবাহী নিকেতন

কত শত ৰেখাপাত

আঁকি যোৱা

মহীয়ান যুগান্তৰৰ

কত মহানুভৱতাত

প্ৰাণ পোৱা

প্ৰজ্ঞা ৰূপান্তৰৰ

স্বয়মেৱ মৃগেন্দ্ৰতা

গৰিমাৰে গুঞ্জৰণ

সফল যাত্ৰাৰেই পৰিক্ৰমা

শান্তি নিকেতন

শান্তি নিকেতন

ৰূপালী পোহৰ বিলোৱা

আমাৰ চৰাইবাহী নিকেতন

আমাৰ চৰাইবাহী নিকেতন

পঞ্চ বিংশ গৰকি উঠা

আমাৰ চৰাইবাহী নিকেতন

আমাৰ চৰাইবাহী নিকেতন

১৯৯৮ চনৰ

৪ জানুৱাৰীত লোৱা জনম

পুণ্য তীৰ্থ তোমাক প্ৰণামপুণ্য তীৰ্থ তোমাক প্ৰণাম

স্বাগতম্ স্বাগতম্

স্বাগতম্ ৰূপালী জয়ন্তীৰে।

স্বাগতম্ স্বাগতম্

স্বাগতম্ ৰূপালী জয়ন্তীৰে।

*******************************

শীৰ্ষ গীত

ৰূপালী জয়ন্তী বৰ্ষ

শংকৰদেৱ বিদ্যা নিকেতন চৰাইবাহী

গীতৰ কথা+সুৰ+সংগীত

মিন্টু কুমাৰ নাথ