Back

স্বাধীন চিতীয়া

বিষ্ণুপ্ৰসাদ ৰাভা
October 31, 2023 · 2,508 views

স্বাধীন চিতীয়া হালোৱা ডেকা ৰণুৱা

পঞ্চায়তী যুগৰ ন মনৰে মনুৱা

যুঁজিব সমৰত লগৰীয়া বনুৱা

চিনি লচোন কোন শতৰু লুকাই আঁৰত তোৰ

ভাঙ ৰঘুমলা তেজপিয়া কুবেৰৰ মূৰ

জীৱন ভৰি নপৰিব তোৰ দুখৰে ওৰ

যিমানদিন বাচি থাকিব ধনৰ খঁকুৱা

বাৰে বাৰে জাতিৰ নামত চুৰি ডকাইটিৰ খেল

বজ্জাতৰ দল পাতে নানা জালিয়াতী মেল

আগবাঢ়ি ব’ল ভাঙি চিঙি জুলুম বাজীৰ জাল

নকৰিবি ভয়, ব’ল হই শোষণবাদীৰ কাল

নতুন যুগৰ, নতুন ভাবৰ, নতুন ৰণৰ মাল

আগুৱাই যা আগবাঢ়ি ব’ল আগবাঢ় দুখীয়া ।।