Back

হিয়াৰ মৰম

ৰিদিপ দত্ত
June 6, 2020 · 1,546 views

লা লা লা ...

হিয়াৰ মৰম মুকুতা হৈ আছে মন ওপচাই

তাৰে গঢ়াই সাতেসৰী দিবানে মোকে পিন্ধাই ?

দিম মই তোকে পিন্ধাই ।

হিয়াৰ মৰম মুকুতা হৈ আছে মন ওপচাই

তাৰে গঢ়াই সাতেসৰী দিবানে মোকে পিন্ধাই ?

দিম মই তোকে পিন্ধাই ।

তোমাৰে মৰমত শৈশৱ কটালো, পাৰ হ’ল মোৰ কৈশোৰ

তোৰে অ’ হাঁহিতে চকুলো আঁতৰে, পাহৰো মোৰ দূখবোৰ

তোমাৰে মৰমত শৈশৱ কটালো, পাৰ হ’ল মোৰ কৈশোৰ

তোৰে অ’ হাঁহিতে চকুলো আঁতৰে, পাহৰো মোৰ দূখবোৰ ।

হিয়াৰ মৰম মুকুতা হৈ আছে মন ওপচাই

তাৰে গঢ়াই সাতেসৰী দিবানে মোকে পিন্ধাই ?

দিম মই তোকে পিন্ধাই ।

ওমলি থাকোতে গ’ল যে দিন

ওমলি থাকোতে গ’ল যে দিন

যৌৱনে মাতে পদূলিতে ৰৈ

সময়ো আহিলে পাতি দিম তোৰে ঘৰ

অ’ আশাৰে ৰং ছটিয়াই

অ’ হেঁপাহৰ ৰং ছটিয়াই ।

হিয়াৰ মৰম মুকুতা হৈ আছে মন ওপচাই

তাৰে গঢ়াই সাতেসৰী দিবানে মোকে পিন্ধাই ?

দিম মই তোকে পিন্ধাই ।