Back

হু হু ধুমুহা আহিলেও

ভূপেন হাজৰিকা
March 23, 2020 · 2,315 views

হু হু ধুমুহা আহিলেও

হে মোৰে মনৰ মানুহ

সুখে দুখে তুমি মোৰ সৈতে

থাকিবানে ?

হু হু ধুমুহা আহিলেও

আকাশ কʼলা মেঘে ছানিলেও

ৰিম্‌ঝিম্‌ বৰষুণ পৰিলেও

তুমি যেন থাকাঁ মোৰ কাষতে ।

হু হু ধুমুহা আহিলেও ...

জীৱনৰ প্ৰথম তৰীত

প্ৰথম যাত্ৰী হৈ বহিলাঁ

বুকুৰ তপত উম যাচি,

ভয়াৱহ চাকনৈয়া দেখিলেও

তুমি যেন থাকাঁ মোৰ কাষতে ।

হু হু ধুমুহা আহিলেও ...

শৈশৱ পাৰ হʼল, কিশোৰ হʼলোঁ

কৈশোৰ পাৰ হʼল, যুৱক হʼলোঁ

যৌৱন-জোৱাৰত নাও মেলি

আশাৰ পাল ৰূপে তোমাকে পালোঁ ।

আঁচনিৰ সাগৰতে

সাহসৰ স্বাক্ষৰ কৰিলাঁ

নিৰাশাৰ চকুপানী মচি

দুঃসহ বেদনাত ভুগিলেও

তুমি যেন থাকাঁ মোৰ কাষতে ।

হু হু ধুমুহা আহিলেও ...