Back

হেʼ বান্ধ মই নিৰুপায়

ভূপেন হাজৰিকা
October 24, 2017 · 2,500 views

হেʼ বান্ধ মই নিৰুপায়

কি কৰোঁ, কি কৰোঁ উপায়

কোৱাঁ কোৱাঁ কি উপায়

ভাল পোৱা নিঠুৰ দানৱ

ধৰেহি সদায় বান্ধ

মই নিৰুপায় ।

বৰ পোৰণি আছে বান্ধ,

ফেটী সাপৰ বিষত

তাৰো অধিক কষ্ট বান্ধ

ৰমণীৰ ৰূপত

প্ৰিয়াৰ বাহু-লতাৰ অগনি

দেখোঁ নুনুমায় ।

প্ৰেম জ্বৰ সন্নিপাতৰ নাই কবিৰাজটি

পলাবলৈ গৈ খাওঁ বাৰে বাৰে উজুটি

শিকলিৰে বান্ধা বান্ধা

মন বʼহাগৰ কুলি

মন ৰমণীক মন নিদিলে

যাব বান্ধোন খুলি

প্ৰিয়াৰ কাজল চকুৰ চাৱনি-

ধমনীত সোমায় ।