Back

হেʼ মোৰ অসমৰ শ্ৰোতা জনতা

ভূপেন হাজৰিকা
March 13, 2021 · 1,526 views

হেʼ মোৰ অসমৰ শ্ৰোতা জনতা

কিমতেনো বুজাম আমি,

(আজি) বিহাৰ ৰাজ্যৰ কোটি কোটি লোকে

দেখিছে এক শ্মশানভূমি ।

কোনোবা নিষ্ঠুৰ দৈত্যই যেন

প্ৰখৰ ৰʼদৰ উত্তাপ সানি

চোট-নাগপুৰৰ মালভূমিৰ

ভস্ম কৰিলে শত ধাননি ।

ওঠৰশ ছয়সত্তৰৰ মন্বন্তৰ

আতঙ্ক যেন পুনৰ আহিলে

হাজাৰিবাগৰ হেজাৰ বাগত

(কিহে) সেউজ কঠীয়া দহিলে ।

যেনিয়ে চকু যায় হিয়া দহি যায়

পালামৌৰ আকাশত মেঘ নাই

হেজাৰ মুমূৰ্ষু শিশুৰ বাবে

অসহায়া মাতৃয়ে অশ্ৰু পেলায় ।

ৰহিমে কান্দেঃ আল্লা মেঘ দিয়াঁ

ৰসিয়াই কান্দেঃ প্ৰভু পানী দিয়াঁ

শুকান ধৰিত্ৰীয়ে বুকু ফালি কয়

মোৰ বক্ষতে চিৰশান্তি লোৱাঁ ।

নালন্দা নিমাত, নিমাত আকাশ,

পাটলিপুত্ৰৰ ঐতিহ্য উদাস

মুঙ্গেৰতো মঙ্গলধ্বনি নাই

চাপ্ৰা আৰাৰ লোক হতাশ ।

তাহানিৰ বুদ্ধই বিহাৰ কৰা

শস্যাশ্যামলা বিহাৰভূমি

হʼল ক্ষুধা তৃষ্ণাত মৃত্যুমুখী

এক নিৰস নিজান মৰুভূমি ।

হয়তো আজি ৰাঁচীৰ সাধু শুনি

সত্য বুলি কেৱে নলয় মানি

দুটি ভাতৰ অভাৱত গৃহস্থই ৰান্ধে

পোহনীয়া কুকুৰৰ মাংস আনি ।

অনুকম্পা নহয়, পুতৌ নহয়

ই নহয় ৰঙীন প্ৰদৰ্শনী

ই কৰ্ত্তব্যজ্ঞান প্ৰণোদিত

উচ্চাৰিত মানৱধ্বনি ।

বিদ্যাপতিৰ মিথিলা নগৰীৰ

মৈথিলী সুৰ যেন স্তব্ধ হয়,

আজি ভোজপুৰী পথাৰত গাঁৱৰ গৰখীয়াই

বিৰহা চৈতিৰ গীত নেগায় ।