Back

হেʼ হেʼ হেʼ ঢোলে-ডগৰে

ভূপেন হাজৰিকা
April 21, 2015 · 2,349 views

হেʼ হেʼ হেʼ ঢোলে-ডগৰে

হেʼ হেʼ হেʼ হিয়াৰ উমেৰে

নেদেখা এনাজৰীৰে

বান্ধো আমি পাহাৰ শিখৰৰে

মহান চিয়েমক ।

হেʼ হেʼ হেʼ চেৰাপুঞ্জীৰে

হেʼ হেʼ হেʼ ভিজা আকাশৰে

উদাৰ মেঘে যেনেদৰে

সাবটি ধৰে বাৰিষা ৰূপেৰে

আমাৰ লুইতক ।

হেʼ হেʼ হেʼ ঢোলে-ডগৰে ...

কৃষ্ণ গৰখীয়াই বায় বাহী

খাচী গৰখীয়াই বায় শ্বৰাতি

দুয়োটি বাঁহী বাঁহৰে বাঁহী

দুয়ো প্ৰকাশে একেটি সুৰক ।

হেʼ হেʼ হেʼ ঢোলে-ডগৰে ...

ওখ সৰলৰে পাত সেউজীয়া

আমাৰ আঁহত গছ সেই বৰণীয়া

ব্লেই বা জোনে

পাহাৰ ভৈয়ামতে

শাৰদী নিশা ঢালে একেই জোনাক ।

ৰঙা পাহাৰৰে হেʼ মাটি কাটি

খাচী কৃষকে খাটে দিনে-ৰাতি

ভৈয়ামৰো খেতিত হেজাৰ ৰংমনে

আঁকোৱালি ধৰিছে একেই কৃষকক ।

হেʼ হেʼ হেʼ ঢোলে-ডগৰে ...