Back

ৰুমাল

জুবিন গাৰ্গ February 11, 2016 3,855 views

একবিংশ শতিকাৰ প্ৰেম কাহিনী

ৰুমালৰে ভাঁজতে স্মৃতিৰে ৰেঙণি

একবিংশ শতিকাৰ মোৰ কাহিনী

ৰুমালৰে সাজতে স্মৃতি হৈ মৰমী

ৰুমালৰ ভাঁজে ভাঁজে দুখৰে বিননি

ৰুমালত কাহিনী

ৰুমালত জীৱনী

ৰুমালত হুমুনিয়াহ

ৰুমালত উচুপনি

ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল

এখন ৰঙা ৰুমাল

ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল

আজিৰ শেতা ৰুমাল ।

 

সেই কোন কাহিনীত দেখা এযোৰি কাজল চকু

মনত পৰিলে আজিও শোকে খুন্দে বুকু

কৃষ্ণচূড়াৰ তলত, স্কুলৰ দুপৰীয়া

ক্লাছৰ ফাকে ফাকে, কতনো ওমাল কথা

লুটিয়াই চালে জীৱনী পাওঁ মাথোঁ

ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল

এখন ৰঙা ৰুমাল

ৰুমাল, ৰুমাল, ৰুমাল, ৰুমাল

আজিৰ শেতা ৰুমাল ।

 

শীতৰে সেমেকা এটি আবেলি আছে মনত

হঠাতে কাৰোবাক এৰি অহাৰ বেদনা প্ৰাণত

সিক্ত চকুৰ কাজল

অধৰত বিষাদ কোমল

আজলি ভৰাই ল’লোঁ

সপোন চিকুণ কোমল

এসাগৰ মৰম নিগৰা সেই ৰুমাল

ৰুমাল, ৰুমাল, ৰুমাল

এখন ৰঙা ৰুমাল

ৰুমাল, ৰুমাল, ৰুমাল

আজিৰ শেতা ৰুমাল ।।