Back

ৰ’দালি এ ৰ’দ দে

বিষ্ণুপ্ৰসাদ ৰাভা
March 20, 2022 · 1,734 views

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

নানা ফুলে তুলি আঁজলি আঁজলি

ভৰাই সপোনৰ থালকে

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

আলি কাটি জালি দিম

বৰপীৰা পাৰি দিম

তাতে বহি বহি ৰ’দ দে

নানা বৰণীয়া তোৰে বৰ চ’ৰাতে

বহি বহি ধৰণী সোণৰ কৰি দে

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

ৰ’দালি এ ধুনীয়াকৈ সাতো ঘোঁৰাৰ

ৰথখনি মেলি দে

ৰ’দালি এ ধুনীয়াকৈ সাতো ঘোঁৰাৰ

ৰথখনি মেলি দে

সেই ৰথৰ পৰা

হাঁহি ফুলৰ পাহি আমাৰ

শিৰত পেলাই দে

সেই ৰথৰ পৰা

হাঁহি ফুলৰ পাহি আমাৰ

শিৰত পেলাই দে

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে

নানা ফুলে তুলি আঁজলি আঁজলি

ভৰাই সপোনৰ থালকে

ৰ’দালি এ ৰ’দ দে ৰ’দ দে

সোণৰ ৰেণু চতিয়াই দে ।।