Back

ৰ’দৰে চিঠি

বোলছবি
February 10, 2016 · 3,388 views

আকাশে দিয়া

ৰ’দৰে চিঠিক

মাটিয়ে জানা

ল’লে সাৱটি

পোহৰৰ চিয়াহী

পৰিছে চিটিকি

আকাশে দিয়া

ৰ’দৰে চিঠিক

মাটিয়ে জানা

ল’লে সাৱটি ।

গছৰে ছায়াতে

জীৱনে জিৰালে

বিনিময় গচকে জানা

দিবতো নেজানে

আজি যে মানুহে

প্ৰতিটো খোজতে

হাবাথুৰি খায়ো কিয়

নিজকে বিচাৰে

সপি দিয়া নিজকে

আনৰ কাৰণে

বৈ যোৱা নদীৰ দৰে

লহৰে লহৰে ।।