Back

বাটৰে শেষতে

জুবিন গাৰ্গ
October 30, 2025 · 5,195 views

বাটৰে শেষতে

বাট চাওঁ তোমালে

লৈ যোৱাহি আজি তোমাৰ বাটেৰে

বাটৰে শেষতে

বাট চাওঁ তোমালে

লৈ যোৱাহি আজি তোমাৰ বাটেৰে

তুমি আহিলে

নামে বুকুলে শাওণ

তুমি নহ’লে

উকা উকা মোৰ ফাগুন

বাটৰে শেষতে

বাট চাওঁ তোমালে

লৈ যোৱাহি আজি তোমাৰ বাটেৰে

আশে-পাশে বুকুৰে তুমি

ভেদিলা পৰিধি

আৰু হ’লা হঠাতে কি যে আপোন ...

এতিয়া নিজৰ হিয়াতে

মই নিজেই আলহী

আজৰি হৈ খবৰ ল’বাচোন

তুমি আহিলে

নামে বুকুলে শাওণ

তুমি নহ’লে

উকা উকা মোৰ ফাগুন

বাটৰে শেষতে

বাট চাওঁ তোমালে

লৈ যোৱাহি আজি তোমাৰ বাটেৰে

ভাঙি যোৱা প্ৰতিটো সপোন

আৰু মনৰে দাপোন

আজি তোমাক পালে হয় আকৌ নতুন

ৰৈ গ’লা তুমি এনেকৈ

বুকুতে যেনে কই

এটি চিনাকি নূপুৰৰ ৰুণঝুন

তুমি আহিলে

নামে বুকুলে শাওণ

তুমি নহ’লে উকা উকা উকা মোৰ ফাগুন

বাটৰে শেষতে

বাট চাওঁ তোমালে

লৈ যোৱাহি আজি তোমাৰ বাটেৰে।