Back

জয়া জয়া

জুবিন গাৰ্গ October 30, 2025 4,045 views

জয়া জয়া জয়া জয়া

জয়া জয়া জয়া জয়া

তুমি সুবাস অসমীৰে

তুমি সুবাস সৃষ্টিৰে

তুমি প্ৰকাশ মুকুতিৰে

সঁচা নিভাজ সপোনৰে

তুমি সাহস জীৱনলে

মৰণকো জিনিবলে

তুমি পোহৰ যুগে যুগে

নানা জাতি নানা ৰূপে

ৰূপে ৰসে নাচে গানে

অভিনৱ কত শত চন্দে

তুমি সুবাস অসমীৰে

তুমি সুবাস সৃষ্টিৰে …

 

জয়া জয়া জয়া জয়া

জয়া জয়া জয়া জয়া

তুমি সুবাস অসমীৰে

তুমি সুবাস সৃষ্টিৰে

তুমি প্ৰকাশ মুকুতিৰে

সঁচা নিভাজ সপোনৰে

তুমি সাহস জীৱনলে

মৰণকো জিনিবলে

তুমি পোহৰ যুগে যুগে

নানা জাতি নানা ৰূপে

ৰূপে ৰসে নাচে গানে

অভিনৱ কত শত চন্দে

তুমি সুবাস অসমীৰে

তুমি সুবাস সৃষ্টিৰে …

 

জয়া জয়া জয়া জয়া

জয়া জয়া জয়া জয়া

লুইতৰে দুয়োটিপাৰ

দুবৰিয়ে কপোৱা … অ’ … অ’ …

এটিয়া কাহানী হ’ল

মুখে মুখে ৰোৱা … অ’ … অ’ …

চহৰ নগৰ গাওঁ ভেদি

স্পন্দন হৈয়ে ৰোৱা

তোমাৰ চৰণ বুকুতে লৈ

আমি অসমীয়া

তুমি গুৰু … কলাগুৰু … অ’ …

তুমি গুৰু … কলাগুৰু …

তুমি সুবাস অসমীৰে

তুমি সুবাস সৃষ্টিৰে …

 

জয়া জয়া জয়া জয়া

জয়া জয়া জয়া জয়া

সুন্দৰৰ পোহৰেৰে

আজি আমাক জগোৱা … অ’ …

সোণৰ অসম গঢ়িবলে

পথ দেখুওৱা … অ’ …

জোনাকী দেশৰে সাধু

আকৌ আমাক শুনোৱা

তোমাৰ পথেই পথ আমাৰ

চিৰ যুগমীয়া

তুমি গুৰু … কলাগুৰু … অ’ …

তুমি গুৰু … কলাগুৰু …

তুমি সুবাস অসমীৰে

তুমি সুবাস সৃষ্টিৰে

তুমি প্ৰকাশ মুকুতিৰে

সঁচা নিভাজ সপোনৰে

তুমি সাহস জীৱনলে

মৰণকো জিনিবলে

তুমি পোহৰ যুগে যুগে

নানা জাতি নানা ৰূপে

ৰূপে ৰসে নাচে গানে

অভিনৱ কত শত চন্দে

তুমি সুবাস অসমীৰে

তুমি সুবাস সৃষ্টিৰে

তুমি গুৰু … কলাগুৰু … অ’ …

তুমি গুৰু … কলাগুৰু …

জয়া জয়া জয়া জয়া

জয়া জয়া জয়া জয়া।