Back

এতিয়া জোনাকে

জুবিন গাৰ্গ November 24, 2025 1,224 views

এতিয়া জোনাকে
ন মায়া ৰচে
এতিয়া ডাৱৰে
ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে

এতিয়া জোন জ্বলে
মোৰ দুচকুতে
এতিয়া ফুল ফুলে
ৰঙা কলিজাতে
তুমি আছা কাষতে
মন নদী উপচাই
মৰমে বুকু শিপাই

উশাহে নিশাহে মৰমৰে কণা
থৌকি বাথৌ হিয়া
বাহিৰে ভিতৰে উমি উমি জ্বলে
কামনাৰে ভৰা তৃষা
মেঘে মেঘে যেন
উতলা যৌৱন
মেঘে মেঘে যেন
উতলা যৌৱন
বেদনা দূৰ আজি দুচকু জোনাকী ভৰা

উশাহে নিশাহে মৰমৰে কণা
থৌকি বাথৌ হিয়া
বাহিৰে ভিতৰে উমি উমি জ্বলে
কামনাৰে ভৰা তৃষা
মেঘে মেঘে যেন
উতলা যৌৱন
মেঘে মেঘে যেন
উতলা যৌৱন
বেদনা দূৰ আজি দুচকু জোনাকী ভৰা
না না না না না না না না না না

এতিয়া জোনাকে
ন মায়া ৰচে
এতিয়া ডাৱৰে
ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে

এতিয়া জোন জ্বলে
মোৰ দুচকুতে
এতিয়া ফুল ফুলে
ৰঙা কলিজাতে
তুমি আছা কাষতে
মন নদী উপচাই
মৰমে বুকু শিপাই

আকাশে আকাশে জীৱনৰে ৰঙ
আজি দেখো হিয়া নাচে
ফুলে পাতে শুনো সপোনৰে সুৰ
জোনাকো দুকাষে নামে
এই মধু ক্ষণ
নভৰে যে মন
এই মধু ক্ষণ
নভৰে যে মন
চোৱা মোৰ দুচকুলে নিজকে বিচাৰি পাবা

আকাশে আকাশে জীৱনৰে ৰঙ
আজি দেখো হিয়া নাচে
ফুলে পাতে শুনো সপোনৰে সুৰ
জোনাকো দুকাষে নামে
এই মধু ক্ষণ
নভৰে যে মন
এই মধু ক্ষণ
নভৰে যে মন
চোৱা মোৰ দুচকুলে নিজকে বিচাৰি পাবা
না না না না না না না না না না

এতিয়া জোনাকে
ন মায়া ৰচে
এতিয়া ডাৱৰে
ন খেলা পাতে
তুমি অহা বাবেই
পোহৰে পাখি মেলে
সাৰ পালে সপোনে

এতিয়া জোন জ্বলে
মোৰ দুচকুতে
এতিয়া ফুল ফুলে
ৰঙা কলিজাতে
তুমি আছা কাষতে
মন নদী উপচাই
মৰমে বুকু শিপাই।