ৰৈ ৰৈ বিনালে
নিশায়ে বিনালে
ৰাতি পুৱাবলে কিমান পৰ
ডাৱৰে ডাৱৰে
এন্ধাৰে শিপালে
জেউতি লুকালে অসীমৰ
নভবা কথাও হঠাতে হয় চাগে
পাইও হেৰুৱালো বুজি পুৱাৰ আগতে ।
ৰৈ ৰৈ বিনালে
নিশায়ে বিনালে
ৰাতি পুৱাবো কেতিয়া
ডাৱৰে ডাৱৰে
এন্ধাৰে শিপালে
জেউতিও নাইকিয়া ।
জানো বুজো তথাপিও নোৱাৰো
নিজৰ মাজত তোমাকেই সামৰো
জানো বুজো তথাপিও নোৱাৰো
নিজৰ মাজত তোমাকেই সামৰো
সপোনৰ ৰথ আজি হতবাক স্তব্ধ
জীৱনৰ পথ আজি মলিন বিবৰ্ণ
জীৱনৰ যাত্ৰা তোমাতেই বিলীন
তোমাতেই বিলীন ।
মায়া মাথোঁ এতিয়াৰ যৌৱন
পল অনুপল হেৰুৱাইছো ক্ষণ
মায়া মাথোঁ এতিয়াৰ যৌৱন
পল অনুপল হেৰুৱাইছো ক্ষণ
অহুৰাত্ৰি অনাবিল স্বপ্ন প্ৰতাৰিত
বাস্তৱ মোৰ কাষত ক্ৰন্দন বৰষিত
আগতো সূৰুজৰ দিবাস্বপ্ন
দিবাস্বপ্ন ।
ৰৈ ৰৈ বিনালে
নিশায়ে বিনালে
ৰাতি পুৱাবলে কিমান পৰ
ডাৱৰে ডাৱৰে
এন্ধাৰে শিপালে
জেউতি লুকালে অসীমৰ
নভবা কথাও হঠাতে হয় চাগে
পাইও হেৰুৱালো বুজি পুৱাৰ আগতে ।
ৰৈ ৰৈ বিনালে
নিশায়ে বিনালে
ৰাতি পুৱাবো কেতিয়া
ডাৱৰে ডাৱৰে
এন্ধাৰে শিপালে
জেউতিও নাইকিয়া ।।