Back

মোৰ মন

জুবিন গাৰ্গ জুবিন গাৰ্গ, চুইটি দাস
2025 · July 8, 2026 · 2,241 views
সুৰ: জুবিন গাৰ্গ কথা: জুবিন গাৰ্গ এলবাম: ৰৈ ৰৈ বিনালে
Watch on YouTube

মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ
আছেই একেথৰে
মোৰ মন মোৰ বুকুত
লিখে একেই আখৰে
মোৰ মন মোৰ ছবি
আঁকে একেই সাঁথৰে ...
মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ
আছেই একেথৰে ।

মোৰ আঁউসীৰ জোনে
আজি পোহৰ বিচাৰে
মোৰ স্বপ্ন ভৰা গানে
ওঁঠেৰে নিগৰে
মোৰ ডেউকাৰ ক’লা ৰং
শুভ্ৰ হ’ব খোজে
মোৰ কাজলী ৰাতি
বৰ্ণিল হ’ব খোজে ...

মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শৰ বৰ আকাশ
বিচাৰা নিজৰ দৰে
মোৰ মন হয় পাথৰ
খুন্দি খুন্দি ভিতৰে
মোৰ তীব্ৰ কোলাহল
ৰঁচে একেই সাঁথৰে ।

মোৰ মন দুচকু
অসহায় অকলশৰে
মোৰ স্পৰ্শৰ বৰ আকাশ
বিচাৰা নিজৰ দৰে ...

মোৰ মন দুচকুত
অসহায় অকলশৰে
মোৰ স্পৰ্শ মোৰ আকাশ
আছে একেথৰে ।।