জোন জ্বলি শেষ হয়
মন গলি শেষ হয়
এটি এটি পল যেন
বুকু বিদাৰি ৰয়
তুমি নাহিলে সোণ
ৰাতিও নুপুৱায়
ভঙা কলিজা মোৰ
ৰৈ ৰৈ বিনায়
জোন জ্বলি শেষ হয়
মন গলি শেষ হয়
এটি এটি পল যেন
বুকু বিদাৰি ৰয় ।
জীয়া জীয়া সোপোন
ৰিঙা ৰিঙা চোন
তুমি মাথোঁ মোৰ
দূৰণিৰে জোন
দুচকুৰে নৈ
নিৰবধি বয়
উৰুঙা হিয়াতে
দূখে কথা কয়
জোনাকে চুমি চায়
নিচুকায় মোৰ হৃদয়
তুমি নাই একো নাই
নিশায়ে মাথোঁ বিনায়
জোন জ্বলি শেষ হয়
মন গলি শেষ হয়
এটি এটি পল যেন
বুকু বিদাৰি ৰয় ।
উশাহে উশাহে
বেদনা বৰষে
সুৰে সুৰে গানে
চকুলো তোমাৰে
নিথৰ বতাহত
সুবাস বিচাৰোঁ
উকা আঁচলতে
এন্ধাৰ বুটুলোঁ
তমসাৰ এই মায়া
এতিয়া আপোন
প্ৰতিদিন প্ৰতিপল
ধুমুহাৰ নাচোন
জোন জ্বলি শেষ হয়
মন গলি শেষ হয়
এটি এটি পল যেন
বুকু বিদাৰি ৰয়
তুমি নাহিলে সোণ
ৰাতিও নুপুৱায়
ভঙা কলিজা মোৰ
ৰৈ ৰৈ বিনায় ...
তুমি নাহিলে সোণ
ৰাতিও নুপুৱায়
ভঙা কলিজা মোৰ
ৰৈ ৰৈ বিনায় ।।