সপোন সপোন যেন
আজি মোৰে ভালপোৱাবোৰ
জিৰি জিৰি সপোন নামি আহে
আজি চকুতে মোৰ ।
সপোন সপোন যেন
আজি মোৰে ভালপোৱাবোৰ
জিৰি জিৰি সপোন নামি আহে
আজি চকুতে মোৰ ।
এই প্ৰেমৰ বৰষাত
উটি-ভাঁহি যাওঁ মই
তোমাৰে বুকুত জীপাল হওঁ আজি মই ।
সপোন সপোন যেন
আজি মোৰে ভালপোৱাবোৰ
জিৰি জিৰি সপোন নামি আহে
আজি চকুতে মোৰ ।
নাচে বুকুতে আশা
নেদেখা সপোন উতলা
জীৱন যুৰি বিয়পা
গাই অন্য অন্য ভাষা ।
দিলোঁ মোৰ তোমাকে ছায়া
মোৰ মন আৰু মোৰ কায়া
শৰীৰত মোৰ ভিতৰত
কিহৰে অন্ধ মায়া ।
সপোন সপোন যেন
আজি মোৰে ভালপোৱাবোৰ
জিৰি জিৰি সপোন নামি আহে
আজি চকুতে মোৰ ।
মোৰ সৰু সৰু কথাত
আছে বহু বিষ বিয়পা
নীলাভ তোমাৰ চকুতে
সিঁচি সিঁচি দিব পৰা ।
অশ্ৰু নিগৰা কথা
নক’বা মোক নক’বা
লাগে তোমাকে বুকুতে
নুবুজোঁ অন্য ভাষা ।
না না না ... ... ...