ৰাতিপুৱা শুই উঠি
যাবৰে যে হয় স্কুললৈ
গধুৰ গধুৰ পঢ়াৰ বোজা
কঢ়িয়াওতেই যায় দিন দূৰলৈ
স্কুলৰ শেষত টিউচন কৰি
ঘূৰি আহি একো নেপাওঁ বিচাৰি
অ’ হোমৱৰ্ক কৰি ভাগৰি
বিছনাৰ কোলাকেই লওঁ সামৰি
আমি যেন যন্ত্ৰ
যন্ত্ৰ ... একো একোটা যন্ত্ৰ
যন্ত্ৰ ... আমি আমি যেন যন্ত্ৰ
পকাচুলিৰ নিউটনে
কিয়নো আপেলটো নাখালে
অঁকৰা এডিচনে
কিনো বিজুলি জ্বলালে
ত্ৰিভূজৰ দুটা বাহুৰ
মাজতে বহি পাইথাগোৰাছে
অ’ সমুখৰে বাহুটোকে
বাকী দুটাৰ সমান বুলিলে
আমি যেন যন্ত্ৰ
যন্ত্ৰ ... একো একোটা যন্ত্ৰ
যন্ত্ৰ ... আমি আমি যেন যন্ত্ৰ
কোনটো স-ৰ লগত বহি
কোনটো ন-ন হ’ব লাগে
কোনটো টি চাইলেণ্ট হ’ব
চিধাকে কোনেও নজনালে
কে মানে চিলা নহয়
পটাচিয়ামে মোক সোঁৱৰালে
মাজতে ৰৈ টেষ্ট দিলে
কিনো খেলি মেলি ল’গালে
আমি যেন যন্ত্ৰ
যন্ত্ৰ ... একো একোটা যন্ত্ৰ
যন্ত্ৰ ... আমি আমি যেন যন্ত্ৰ
অঁকৰা প্লেটোৱে
কিয়নো পলিটিক্চ লিখিলে
ইতিহাসৰ ৰজাবোৰে
ইমান মৰামৰি কিয় কৰে
দঢ়িয়া ডাৰউইনে
কওঁতে কথাটো ঠিকেই ক’লে
অ’ সৰু সৰু শিশুবোৰৰ
মূৰটো মিলিজুলি সবেই খালে
আমি যেন যন্ত্ৰ
যন্ত্ৰ ... একো একোটা যন্ত্ৰ
যন্ত্ৰ ... আমি আমি যেন যন্ত্ৰ ।।