Back

(মই) গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে

জ্যোতিপ্ৰসাদ আগৰৱালা
October 24, 2017 · 1,524 views

(মই) গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে

বন্তি জ্বলাই যাওঁ মই

গাঁৱৰ ল’ৰা গাঁৱে গাঁৱে

বন্তি জ্বলাই যাওঁ ।

গাঁৱলীয়া ছোৱালী 

শেৱালি মই নেৱালি

গাঁৱৰ কোলাত হাঁহি মাতি

সোণ ধানৰে জেউতী চৰাম ।

গাঁৱৰ ল’ৰা আগবাঢ়ি যাওঁ

হাবি কাটি আগবাঢ়ি যাওঁ

পৰ্বত ভাঙি আগবাঢ়ি গৈ

বাট উলিয়াম নিতৌ নতুন পাম ।

জুই সুৰীয়া জয় সুৰীয়া

নতুন নাম গাম

ৰাইজৰ বৰ নাম ঘৰতে

সোণৰ ৰূপৰ পাট মেৰিওৱা

বৰখুঁটা লগাম ।।