Back

অট’ৰিক্সা চলাওঁ

ভূপেন হাজৰিকা
December 15, 2022 · 1,292 views

ভায়েকঃ
অট’ৰিক্সা চলাওঁ
আমি দুয়ো ভাই
গুৱাহাটী কৰি গুলজাৰ ।

ককায়েকঃ
বি‍-ই ফেইল ম‍ই
সৰু ভাই এম এ পাছ
বেংকত বহুতো ধাৰ ।

দুয়োঃ
বেংকত বহুতো ধাৰ ।

ককায়েকঃ
ভাইটিৰ নামত আছে পাৰ্মিট
চলাওঁ ম‍ইও একোবাৰ
শিক্ষিত বেকাৰৰ ম‍ই সৰু ভাব
কমপ্লেক্স নাই আমাৰ ।

ককায়েকঃ
ভাইটিৰ এটি মাথো দোষ আছে
জালুকবাৰী প্ৰিয় তাৰ
মোৰ পৰা কেতিয়াবা
অট’খন কাঢ়ি কয়
প্ৰিয়া আজি হব পেছেঞ্জাৰ ।

দুয়োঃ
প্ৰিয়া আজি হʼব পেছেঞ্জাৰ ।

ককায়েকঃ 
ম‍ই সুধিলোঁ
তোক বিয়া কৰিব জানো
নহʼলি যে ত‍ই প্ৰফেছাৰ ।
সি উত্তৰ দিয়ে
মোৰ প্ৰেয়সীয়ে বুজে, দাদা

দুয়োঃ
ডিগনিটি অব্ লেবাৰ ।

ককায়েকঃ
তহঁতৰ ছাবজেক্ট একে আছিল নেকি অʼ
তোৰ আৰু তোৰ প্ৰেয়সীৰ ?

ভায়েকঃ
অৰ্থনীতি দুয়োৰে ছাবজেক্ট
এইবাৰ প্ৰেয়সীৰ ফিফ্‌থ ইয়াৰ
যোৱাবেলি ম‍ই এম এ পাছ কৰি লৈ
লৈছিলোঁ পাৰ্মিট অট’ৰিক্সাৰ ।

ককায়েকঃ
ভাল কৰিলি ভাই ভালেই কৰিলি

ভাবী ভাইবোৱাৰীলৈ আশিস অপাৰ
হাকিম মন্ত্ৰীৰ চাকৰি বিচাৰি ত‍ই
নহʼলি যে ভাগ্যে চিৰবেকাৰ ।

দুয়োঃ
ব’ল বহু ৰাতি হʼল ।

ভায়েকঃ
নাই কোনো পেছেঞ্জাৰ

ককায়েকঃ
সেমেকা বতৰটো দেখোঁ বৰ জাৰ

ককায়েকঃ
নাই কোনো পেছেঞ্জাৰ ।

ককায়েকঃ
ৰুগীয়া আয়ে চাগে
ৰখি আছে বাঢ়ি লৈ
দাইল ভাত দুয়োৰে আমাৰ ।

দুয়োঃ
নাই কোনো পেছেঞ্জাৰ

ককায়েকঃ
ব’ল বহু ৰাতি হʼল
নাই কোনো পেছেঞ্জাৰ ।

ককায়েকঃ
ঘূৰি ৰিফাইনেৰী আৰু জালুকবাৰী
লাচিত নগৰ আৰু উজান বজাৰ
ভৰলুৰমুখ আৰু নিজৰাৰপাৰ
লাচিত নগৰ আৰু ফাঁচি বজাৰ

দুয়োঃ
পণ কৰিছোঁ দুয়ো ঘাম পেলাই
পণ কৰিছোঁ দুয়ো ঘাম পেলাই
ওভতাম বেংকৰ বাকীখিনি ধাৰ
ওভতাম বেংকৰ বাকীখিনি ধাৰ ।।