Back

অনুৰাগ

তৰালী শৰ্মা
October 11, 2025 · 1,798 views

অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে

তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে

শৰীৰৰ শিৰে শিৰে, বৈ আছা তুমিয়ে

বৈ আছা তুমিয়ে ।

দেহৰ ভাঁজে ভাঁজে, কলিজাৰ আঁহে আঁহে ।

অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে

তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে

শৰীৰৰ শিৰে শিৰে, বৈ আছা তুমি

বৈ আছা তুমি ।

সিঁচিলা গুটিমালী, দেহে মনে মোৰ

অচিনা আকুলতাই, বুকু ক’ৰে জুৰ ।

প্ৰেম মোৰ এখন নদী, বৈ আছে সদায়ে

নিৰবধিৰ ...

আবাহন তোমাৰে, আহুতি তোমাতে

আহুতি তোমাতে ।

অজানা দিঠকতে, সপোনৰে ছৈ

আশাৰ পদুম কলি, শেতেলিতে লৈ

কি যে এই মায়া, দিনে নিশাই ভাৱনা

তোমাৰে ...

আৰাধনা অবিৰত, অহোৰাতি অহৰহ

অহোৰাতি অহৰহ ।

অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে

তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে

শৰীৰৰ শিৰে শিৰে, বৈ আছা তুমিয়ে

বৈ আছা তুমিয়ে ।

অনুৰাগ তোমাৰ বাবে, অনুভূতি তোমাৰ বাবে

তোমাৰ দুবাহুতে, সুখ মোৰ জীৱনৰে

শৰীৰৰ শিৰে শিৰে, বৈ আছা তুমিয়ে

বৈ আছা তুমিয়ে ।