Back

অভিযাত্ৰী দূৰৈৰ যাত্ৰী

নিৰ্মলপ্ৰভা বৰদলৈ
May 17, 2019 · 1,223 views

অভিযাত্ৰী দূৰৈৰ যাত্ৰী

আমাৰ লক্ষ্য পোহৰ

এন্ধাৰ ফালি আগবাঢ়ি যাওঁ

গীত গাওঁ সূৰুজৰ ।

প্ৰভাতী সূৰ্য আনিম আদৰি

আমাৰ পথত ফুলিব পাপৰি

ৰং পৰিল আকাশত

অভিযাত্ৰী দূৰৈৰ যাত্ৰী ।

যিমান সুষমা আহে পৃথিৱীত

সকলো আমাৰ হ’ব

নতুন দিনৰ সকলো গীত

আমাৰ কণ্ঠত ৰ’ব

আমি আগবাঢ়ো এই পথে পথে 

অপৰূপ আনন্দত

অভিযাত্ৰী দূৰৈৰ যাত্ৰী ।।