Back

অলকানন্দা

জুবিন গাৰ্গ
February 10, 2016 · 3,571 views

অলকানন্দা ওঁঠৰ হাঁহি যেন

ৰজনীগন্ধা ফুলৰ পাহি

অৰুণিমা হৈ আকাশতে যেন

আঁকিলাহি ৰং প্ৰভাততে

অচিনা নদিৰ সোঁতে সোঁতে বৈ

অচিনা নদিৰ সোঁতে সোঁতে বৈ

আহিলা কাষলে

অলকানন্দা ওঁঠৰ হাঁহি যেন

ৰজনীগন্ধা ফুলৰ পাহি ।

মোৰ জোনাকৰে

চিনাকি ছায়াতে

তুমি যে আছিলা ৰৈ

যেন শৰততে

শেৱালি বুটলি

আপোন পাহৰা হৈ

কিনো মোহনীয়া

লাজুকী নয়না

মৰম তোমাৰ যুগমীয়া ।

মৌন সময়ত

আছিলোঁ নীৰলে

মাথোঁ তোমাকে ভাবি

এ কিয় তুমি আহি

জ্বলালা অগনি

নিৰৱতা মোৰ ভাঙি

হৈ প্ৰজাপতি

মন পদূলিতে

উলাহতে পাখি মেলি ।।