Back

অলপ হাঁহি অলপ অশ্ৰু

নিৰ্মলপ্ৰভা বৰদলৈ
July 14, 2016 · 1,768 views

অলপ হাঁহি অলপ অশ্ৰু

অলপ নুবুজা ডাৱৰ

এয়ে পৃথিৱীৰ সেউজী দূৱৰি

যাউতি যুগীয়া সাঁথৰ ।

এই মাটিতেই ৰচিম স্বৰ্গ

অশ্ৰু দুহাতে মচি

মাটিৰ মাটীয়া ৰহণ গুচাম

প্ৰাণৰ পাপৰি সিঁচি

শক্তিৰ সেতু বান্ধিম থাকিলে

ভয়, বেদনা, সাগৰ

অলপ হাঁহি ...

জীয়াই থকাত আছে শিহৰণ

মৃত্যু মানেই শেষ

পুনৰ জনম আছে বা নাই

নাজানো সিখন দেশ

মাথো পণ আছে ৰক্তবীজৰ

সংঘাতে নানে ভাগৰ

অলপ হাঁহি ...