Back

অসমীৰে চোতালতে

মহম্মদ ৰফী May 10, 2025 1,273 views

অসমীৰে চোতালতে

ৰ’দালিয়ে চেনেহতে

মৰমৰ ফাকু খেলে

ৰঙতে নাচে পখিলী

মাতে মোক হাত বাউলি

মাতে মোক হাত বাউলি ।

 

নীলা নীলা পাহাৰতে

ডালিমীয়ে কথা পাতে

জুৰিটিৰ কাষতে ৰৈ

হিয়াৰে বতৰা কৈ

মলয়াত উৰে চুলি

অ’ মলয়াত উৰে চুলি

মাতে মোক হাত বাউলি

মাতে মোক হাত বাউলি ।

 

ভৈয়ামৰে পথাৰতে

ৰোৱনী লখিমীহঁতে

উলাহত জুৰিলে গান

বনগীত সুৰীয়া তান

হাঁচটিৰ তামোল খুলি

অ’ হাঁচটিৰ তামোল খুলি

মাতে মোক হাত বাউলি

মাতে মোক হাত বাউলি ।

 

চেনেহৰে অসমখনি

কত ৰূপৰ জিলিঙনি

সপোনৰ সুৱদি মাত

হিয়া মোৰ কৰিলি শাঁত

কিনো ৰূপে ভুলালি

অ’ কিনো ৰূপে ভুলালি

মাতে মোক হাত বাউলি

মাতে মোক হাত বাউলি ।

 

অসমীৰে চোতালতে

ৰ’দালিয়ে চেনেহতে

মৰমৰ ফাকু খেলে

ৰঙতে নাচে পখিলী

মাতে মোক হাত বাউলি

মাতে মোক হাত বাউলি ।