Back

অয়, অয় আকাশ শুব

ভূপেন হাজৰিকা March 16, 2021 1,472 views

অয়, অয় আকাশ শুব

অয় অয় বতাহ শুব

দিগন্ততে হাঁহাকাৰ হ’ব ।

 

সময় যেন স্তব্ধ হয়, হয়

ভীত হয়, হয়

চকুলো শিল হʼব

অয় অয় সময় শুব ।

 

পাপ যদি বেয়া, কামনা কিয় দিলে

দিলে, দিলে ?

মোহ যদি বেয়া, সুৰ কিয় দিলে ?

দিলে, দিলে ?

ভাঙন যদি বেয়া, বিৰহ কিয় দিলে

দিলে, দিলে ?

তাৰ সমিধান কোনে দিব,

কোনে দিব ?

অয় অয় সময় শুব ।

 

সাঁথৰভৰা নিশা মোৰ সোণ শুব

কথা : বৈধ কি, অবৈধ কি ?

বৈধ কি ? অবৈধ কি ?? প্ৰশ্ন হʼব

দিগন্ততে হাঁহাকাৰ হʼব ।