Back

অ’ আমাৰ গাওঁ

জ্যোতিপ্ৰসাদ আগৰৱালা
April 26, 2022 · 2,402 views

অ’ আমাৰ গাওঁ

আমাৰ গাঁৱৰ মান ৰাখি

মৰিবলৈ যাওঁ আমি, মৰিবলৈ যাওঁ ।

ভৰপূৰ তামোলৰে

সেউজীয়া পথাৰেৰে

দূৰতে জিলিকি থকা

অ’ আমাৰ গাওঁ ।

দেশৰ হকে মৰিব পৰা

আমাৰ গাঁৱৰ ডেকা ল’ৰা

ডেকেৰী নহয় পাছ পৰা

অ’ আমাৰ গাওঁ ।

একঠা মাটি মই উপজিয়ে পাওঁ

এমুঠি পেটৰ ভাত

এখনি কাপোৰ গাত

আজি কিয় তাকো নাপাওঁ ?

এই মাটি মোৰ অধিকাৰ

মোৰ ভাত মোৰ কাপোৰ

মোৰে দেশ আজি মই

নিজে ৰখাওঁ ।

কালৰ মূৰ্তি ধৰি

শতৰু মূৰত

আকাশৰ শৰগ পেলাওঁ ।।