Back

অ’ আলহী আ

বিষ্ণুপ্ৰসাদ ৰাভা February 21, 2022 1,581 views

অ’ আলহী আ অ’ আলহী আ

প্ৰভাত বীণৰ সোণালী তাঁৰ

জোকাৰী থ অ’ আলহী আ ।

অ’ তই নীল গগণৰ

উজ্জ্বল মেঘৰ

বগা ৰথত বহি

ৰশ্মি কণা কিৰণ সনা আলহী আ ।

মোহন বাঁহীৰ ঝংকাৰ আৰু মোহন বাঁহীৰ সুৰ

আজি দক্ষিণ মলয় কৰক জুৰ

আজি পাতে পাতে ডালে ডালে

ৰ’ব মোহন সুৰ আলহী আ ।।