Back

অ’ মাইজান

ৰিদিপ দত্ত
June 24, 2015 · 1,444 views

অ’ মাইজান তোকে দেখা পাই

অ’ মাইজান ৰাতি টোপনি নাই

মাইজান মোৰ বুকু চমেচমাই ...

অ’ মাইজান এয়া ব’হাগত

অ’ মাইজান মন উৰা বতৰ

মাইজান মোৰ মন

তোৰ কাষলৈ উৰি যায় ।

মন ফুলনিত আজি

ব’হাগে দোলনি লগায়

হিয়া উঠলি উঠে

তোৰে অ’ সহাৰি পায় ।

হে মাইজান জীৱন থাকে মানে

হে মাইজান পিৰীতি তই কৰিবি

মাইজান দেহা গ’লে বেহাও যায় ।

তোৰে চকুলে’ চাই চাই

হেঁপাহ মোৰে নপলায়

তোৰে হাঁহিটি যে পায়

বুকু মোৰ জুৰ পৰি যায় ।

অ’ মাইজান জীৱন থাকে মানে

হে মাইজান পিৰীতি তই কৰিবি

মাইজান দেহা গ’লে বেহাও যায় ।

হে মাইজান ...

অ’ মাইজান ...