অ’ মৰমী লগৰী, আছা বুকু জুৰি
নাযাবা আঁতৰি, দূৰণিলে
তোমাৰ লাহি, পৰশ লাগি, সপোন সৰে
তোমাৰ লাহি, পৰশ লাগি, সপোন সৰে ।
মৰমৰ ভাষাৰে দুচকুত আঁকিছা
ঠুনুকা সপোনৰ ছবি তুমি
নিৰাশাৰ এন্ধাৰত অকলে আছোঁ মই
আশাৰে চাকিটি জ্বলালা তুমি
সপোন যি মোৰ জীৱনৰ
আপোন তুমি মৰমৰ
দিবানে সোণ চুমা সাগৰৰ
দুচকুতে, উলাহতে ।
মনৰে আকাশত আহিলা তুমিয়েই
শৰতে অনা মেঘালী হৈ
মৰমৰ জুৰিটি বুকুতে শুকালে
আহিমে যে বৈ নিজৰা হৈ
মৰমৰে সাগৰত
আৱেগৰ জোৱাৰত
আমি দুয়ো মিলিম উশাহত
বিলীন হৈ, জনম লৈ ।।