Back

অ’ মৰমী লগৰী

জিতুল সোণোৱাল March 23, 2022 2,308 views

অ’ মৰমী লগৰী, আছা বুকু জুৰি

নাযাবা আঁতৰি, দূৰণিলে

তোমাৰ লাহি, পৰশ লাগি, সপোন সৰে

তোমাৰ লাহি, পৰশ লাগি, সপোন সৰে ।

 

মৰমৰ ভাষাৰে দুচকুত আঁকিছা

ঠুনুকা সপোনৰ ছবি তুমি

নিৰাশাৰ এন্ধাৰত অকলে আছোঁ মই

আশাৰে চাকিটি জ্বলালা তুমি

সপোন যি মোৰ জীৱনৰ

আপোন তুমি মৰমৰ

দিবানে সোণ চুমা সাগৰৰ

দুচকুতে, উলাহতে ।

 

মনৰে আকাশত আহিলা তুমিয়েই

শৰতে অনা মেঘালী হৈ

মৰমৰ জুৰিটি বুকুতে শুকালে

আহিমে যে বৈ নিজৰা হৈ

মৰমৰে সাগৰত

আৱেগৰ জোৱাৰত

আমি দুয়ো মিলিম উশাহত

বিলীন হৈ, জনম লৈ ।।