Back

অ’ সখি আহিব পিয়া

জ্যোতিপ্ৰসাদ আগৰৱালা
July 25, 2025 · 2,495 views

অ’ সখি আহিব পিয়া

ৰূপহী জোনৰে

কিৰণ জকেমকাই

বিৰিখৰ পাততে আহিব পিয়া ।

সখীৰে চকুৰে

নিয়ৰ জকে মকাই

লাৱনী গালতে আহিব পিয়া ।

আমাৰে সখীয়ে

ইনাই বিনাই

বিৰহৰ বেদনাতে

মিলন বাসনাতে আহিব পিয়া ।।