Back

অ’ সখী আজি

জ্যোতিপ্ৰসাদ আগৰৱালা November 29, 2023 1,985 views

অ’ সখী আজি, যৌৱন বন জুৰি

বন বসন্ত মুঞ্জৰি, পাতে বৰণৰে মেলা ।

হাঁহা সখী মোৰ, হাঁহা সখী মোৰ

হাঁহিৰে ফাকু খেলা ।

 

তোৰ ৰূপৰ ফুলনিতে

শেৱালি নেৱালি কতনো ফুল

দশোদিশ আমোলাই কৰিছে আকুল

ফুলৰ বাতিৰে মৌৰে নিজৰা বাকি দিয়া

বিয়াকুল ৰূপ মৌ পিয়া ।

 

আজি অভিনৱ তৰালী পোহৰৰ

চঞ্চল গীতি শুনা ।

তাৰ লহৰতে কঁপি কঁপি মোৰ যৌৱনৰ

জোনাকী কাৰেঙত বাজে বীণা ।

 

তাতে বাসনা-উৰ্বশী বিবসনা

নৃত্যতে আকুল

অ’ সখী যায় যে বেলা ।

হাঁহা সখী মোৰ, হাঁহা সখী মোৰ

হাঁহিৰে ফাকু খেলা ।।