Back

আকৌ

তৰালী শৰ্মা
October 5, 2024 · 1,812 views

আকৌ ৰাতি পুৱাল

মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই

কিয় সূৰুযে নুগুচাই ?

আকৌ ৰাতি পুৱাল

মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই

কিয় সূৰুযে নুগুচাই ?

অভিমান মনৰ কোনে বুজি পায়

আবেগৰ যেন কোনে মূল্য নাই

অভিমান মনৰ কোনে বুজি পায়

আবেগৰ যেন কোনে মূল্য নাই

বহু পায়ো মোৰ যেন একোৱে নাই

হৃদয় আৱৰে শূন্যতাই

খোজে খোজে লক্ষ্য হেৰায়

আকৌ ৰাতি পুৱাল

মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই

কিয় সূৰুযে নুগুচাই ?

কিবা দি কিবা পোৱাৰ

কথা ভাবে সৱে

আপোনজনেও কৰে তাকে

কিবা দি কিবা পোৱাৰ

কথা ভাবে সৱে

আপোনজনেও কৰে তাকে

আহিবনে কেতিয়াবা এনে এদিন

মানুহে মানুহক ভাল পাব

স্বাৰ্থ বিহীন মনেৰে

আকৌ ৰাতি পুৱাল

মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই

কিয় সূৰুযে নুগুচাই

আকৌ ৰাতি পুৱাল

মনৰ ডাৱৰবোৰ সূৰুযে নুগুচাই

কিয় সূৰুযে নুগুচাই ?