Back

আকৌ নতুন প্ৰভাত হ’ব

নিৰ্মলপ্ৰভা বৰদলৈ
September 19, 2023 · 2,045 views

আকৌ নতুন প্ৰভাত হ’ব

কালৰাতি এই নাথাকিব

নিউ নিউ কৰা ফেঁচাৰ চিঞৰ

শিয়ালৰ ৰাও আঁতৰিব

আকৌ নতুন ...

আকৌ নতুন প্ৰভাত হ’ব

কালৰাতি এই নাথাকিব

অন্ধকাৰৰ ডাইনী ভূতৰ

বক্ষ পোহৰে বিদাৰিব ।

আকৌ নতুন প্ৰভাত হ’ব

কালৰাতি এই নাথাকিব

জয়াল ৰাতিৰ বিভীষিকাবোৰে

সাহ জুই দেখি পলাই যাব ।

আকৌ নতুন প্ৰভাত হ’ব

দীপ্ত সূৰ্য জিলিকিব

সেই ৰশ্মিয়ে নিঠৰ যুগক

নতুন গতি আনি দিব ।।