Back

আগবাৰীত ফুলিলে

জ্যোতিপ্ৰসাদ আগৰৱালা
June 22, 2018 · 1,440 views

আগবাৰীত ফুলিলে

সোণে মোৰ চম্পা ।

সেউতী মালতী

সোণে মোৰ চম্পা ।

গোন্ধৰ গুটিমালী

ৰঙাকৈ ৰেৱতী

আমোল মোলে ঐ

সোণে মোৰ চম্পা ।

সোণৰে পখিলা

ৰূপৰে পখিলা

ফুলনি জিলিকি উৰে মোৰ

সোণে মোৰ চম্পা ।

ক’ৰে বনৰীয়া

ফুটুকা ধুনীয়া

চৰায়ে বিনালে

অময়া সুৰেৰে

সোণে মোৰ চম্পা ।।