Back

আগলতি কলাপাত লৰে কি চৰে

উপেন কাকতি
March 19, 2018 · 1,201 views

আগলতি কলাপাত লৰে কি চৰে

চিলনী আই তোৰ আগতে পৰে

ফাগুনী আই, আইতো নাই

আগলি পাততে কাউৰী পৰে

আগলি পাততে কাউৰী পৰে ।

নেখাবি নেখাবি অজাতি কাউৰী

নেখাবি নেখাবি অজাতি কাউৰী

কলিজাই আমনি কৰে

নেবান্ধ নেবান্ধ মুকলি চুলি

নিপিন্ধ নিপিন্ধ সোণৰ কাণ-ফুলি ।

বুকু তোৰ হম্ হম্ কিয়নো কৰে

মনে তোৰ অমঙ্গল কিয়নো ধৰে

আগলতি কলাপাত লৰে কি চৰে ।

বন্ধ সজাতে তোৰ

আয়েৰক মনতে পৰে

আই তোক, আয়েৰক মনতে পৰে

এধানি হিয়াতে তোৰ

দুখী যে উচলি পৰে

আই তোৰ দুখী যে উচলি পৰে

আই তোৰ দুখী যে উচলি পৰে ।।