Back

আগলি বতাহে কঁপালে কলৰে পাত

নিৰ্মলপ্ৰভা বৰদলৈ March 25, 2021 2,239 views

আগলি বতাহে কঁপালে কলৰে পাত

আগলি বতাহে কঁপালে কলৰে পাত

মন উৰণীয়া হেৰালে বাটৰে আঁত

মন উৰণীয়া হেৰালে বাটৰে আঁত 

আগলি বতাহে কঁপালে কলৰে পাত ...

 

বুজো কি নুবুজো চিনাকি কুলিৰে মাত

বুজো কি নুবুজো চিনাকি কুলিৰে মাত

মেলো কি নেমেলো আকাশ চুবলৈ হাত

মেলো কি নেমেলো আকাশ চুবলৈ হাত 

হেৰালে বাটৰে আঁত

হেৰালে বাটৰে আঁত 

আগলি বতাহে কঁপালে কলৰে পাত ...

 

এটি ফুল মাথো মনৰে ডালতে কঁপে

এটি ফুল মাথো মনৰে ডালতে কঁপে

এটি মাথো পখী এই উৰে উৰে

কিনো ফুল কেতেকী পখী সিটি

জিৰাব কিহৰে ছাঁত 

হেৰালে বাটৰে আঁত

হেৰালে বাটৰে আঁত 

আগলি বতাহে কঁপালে কলৰে পাত ...