Back

আজি প্ৰাণৰ মেলা পাতিছো

নিৰ্মলপ্ৰভা বৰদলৈ May 16, 2023 2,271 views

আজি প্ৰাণৰ মেলা পাতিছো

নতুন নাটক মেলিছো

সুৰৰ বন্তি নাচৰ শিখা

আকাশ ধিয়াই জ্বলিছো ।

 

আজি নতুন শপত আনিছো

হৃদয়তে থাপিছো

হাততে হাতে ধৰি যোৱাৰ

সেন্দুৰীয়া আলি গঢ়াৰ

অংগীকাৰ কৰিছো ।

আজি প্ৰাণৰ মেলা ...

 

আজি আইৰ চৰণ চুইছো

নতুন কুসুম ফুলাই

অঞ্জলি দিম ভাবিছো

দশ-দেৱতা জন-দেৱতা

তোমাৰ আশীষ মাগিছো

আজি প্ৰাণৰ মেলা ...